Showing posts with label Assamese Romantic Kobita. Show all posts
Showing posts with label Assamese Romantic Kobita. Show all posts

Thursday, April 10, 2025

কেইটামান ফাগুনৰ কবিতা সংগ্ৰহ | Assamese Romantic Poem on ফাগুন by Satyajit Kakoti

কেইটামান ফাগুনৰ কবিতা সংগ্ৰহ | Assamese Romantic Poem on ফাগুন

ফাগুনৰ অসমীয়া কবিতা- প্ৰেমৰ কবিতা- Fagun Love Poem Assamese

ফাগুনৰ কবিতা ১

ফাগুনে কঢ়িয়াই অনা সহস্ৰ ৰঙীণ আদৰেও
শেষ কৰি থৈ যাব নোৱাৰে
কলিজাৰ বিৱৰ্ণ তাড়না,
সেইদৰে
সহানুভূতিৰ সেউজীয়া ছবি এখন আঁকি
বসন্তইও মোহাৰি পেলাব নোৱাৰে
দুচকুত উপঙি থকা ৰিক্ততা।

------ কবিঃ সত্যজিত কাকতি

ফাগুনৰ অসমীয়া কবিতা- প্ৰেমৰ কবিতা- Fagun Love Poem Assamese

হে ফাগুন 
বুকুৰ সহস্ৰ আবেগক
উজাৰি দিব পৰাকৈ
এইবাৰ ঐ আনিবা
আচুতীয়াকৈ এবুকু নিৰ্জনতা

এজাক শুভকামনাৰে
সুবাসিত কৰি থৈ যাবা
একাকীত্ত্বৰ প্ৰতিটো অসুখীয়া উশাহ

ফাগুনৰ অসমীয়া কবিতা- প্ৰেমৰ কবিতা- Fagun Love Poem Assamese
ফাগুনৰ কবিতা ২
শিৰোনামঃ ফাগুনৰ প্ৰেম

জনাবানে কোন বাটেদি গ’লে ফাগুনৰ দৰে
তোমাৰ হৃদয়ত কেৱল 
মইয়েই প্ৰৱেশ কৰিব পাৰিম?
কেনেকৈ কথা ক’লে
অথবা দেখিবলৈ কেনেকুৱা হ’লে
তোমাৰ ব্যস্ততা নতুবা নিসংগতাৰ প্ৰতিটো ক্ষণত
এজাক অবৈধ দুৰ্বলতা হৈ আউল লগাব পাৰিম

জনাবানে
কেতিয়া আৰু ক’ত লগ পালে কম
তোমাৰ সতে কটালো যি ফাগুন
সেইয়া মোৰ জীৱন।

------ কবিঃ সত্যজিত কাকতি

ফাগুনৰ অসমীয়া কবিতা- প্ৰেমৰ কবিতা- Fagun Love Poem Assamese

ফাগুনৰ উপহাৰ
এইবাৰৰ ফাগুন বহুত বেছি ব্যতিক্ৰম
শূন্যতাত ওলমি থকা নিতাল দুপৰীয়াবোৰৰ পৰিৱৰ্তে
অনুৰাগী পচোৱা এজাকৰ পৰশত
জীপাল হোৱা হৃদয়ৰ বাবে শ্ৰেষ্ঠতম উপহাৰ এটি দি গ’ল,

হে বসন্ত, হে শৰত, শে শাওণ
অভিনন্দন জনোৱা মোক
ফাগুনে 
ফাগুনে এইবাৰ মোক, তেওঁক দি গ’ল।

ফাগুনৰ অসমীয়া কবিতা- প্ৰেমৰ কবিতা- Fagun Love Poem Assamese

 #FagunorKobita #AssamesePoem #RomanticPoetry #AssameseRomance #ফাগুনৰ_কবিতা #ফাগুন #AssameseLiterature

🔒 Copyright Disclaimer:
This is an original collection of poems. Kindly do not copy, reproduce, or share any content without proper credit of the author or permission. Kindly respect the creator's effort and creativity.
Read more ...

Sunday, February 11, 2024

Assamese Romantic Poetry | Love Poems in Assamese | Sad Love Poems | Axomiya Kobita by Satyajit Kakoti

১০ টা অসমীয়া প্ৰেমৰ কবিতা - কবিঃ সত্যজিত কাকতি

Assamese Romantic Poetry-Assamese Love Poems- অসমীয়া প্ৰেমৰ কবিতা সত্যজিত কাকতি
ক'বলৈতো এখন সাগৰ আছে
নদীৰ দৰে নীৰৱধি এজন শ্ৰোতাহে লাগে,
দেখুৱাবলৈ তো এখন নীলা আকাশ আছে
জোনৰ দৰে নিৰিবিলি এযুৰি নয়ন হে লাগে,
যাচিবলৈ তো এখন হৃদয় আছে
সাগৰৰ দৰে এখন হৃদয়হে লাগে।

Assamese Romantic Poetry-Assamese Love Poems- অসমীয়া প্ৰেমৰ কবিতা সত্যজিত কাকতি
কবিতাৰ শিৰোনামঃ হৃদয় বাৰ্তা
কবিঃ সত্যজিত কাকতি

তুমি চাগে নাজানা
মোৰ উৰুঙা দুহাতত 
এবুকু আন্তৰিক প্ৰতিশ্ৰুতি তুলি
ভালপাওঁ বুলি কোৱাৰ দিনাই
পূৰ্ণ হৈছিল প্ৰেমৰ প্ৰতিটো সংজ্ঞা

সাম্প্ৰতিক তমসাছন্ন হৃদয়ত
অবিষাদ উশাহবোৰে
জোনাকৰ চন্দ্ৰতাপ তৰিছে
গলি যোৱা যাতনাৰ বাটে বাটে শিপাইছে
তুমি নামৰ এটি প্ৰাণসূৰ্য
আৰু এমুঠি মৰমৰ বাসনা।

Assamese Romantic Poetry-Assamese Love Poems- অসমীয়া প্ৰেমৰ কবিতা সত্যজিত কাকতি

Assamese Romantic Poetry-Assamese Love Poems- অসমীয়া প্ৰেমৰ কবিতা সত্যজিত কাকতি

তোমাৰ মেঘালি চুলিখিনিৰ পৰা 
দুচকুৱেদি দুগাললৈ বাগৰি অহা
বিছিন্ন অলকাকেইদালি যে
তোমাৰেই প্ৰতিজাক উশাহত আহত হয়,
তেতিয়াই আহত হয় মোৰ কলিজাৰ এফাল।

তোমাৰ অসম্পূৰ্ণ হাঁহিটোত যে
ওঁঠৰ ওপৰৰ ঘনিষ্ঠ তিলটো বেকা হৈ ৰয়
হৃদয়ৰ সকলো অনুভূতি আহত হয়
আহত হয় কলিজাৰ ইফাল।

Assamese Romantic Poetry-Assamese Love Poems- অসমীয়া প্ৰেমৰ কবিতা সত্যজিত কাকতি

Assamese Romantic Poetry-Assamese Love Poems- অসমীয়া প্ৰেমৰ কবিতা সত্যজিত কাকতি

Assamese Romantic Poetry-Assamese Love Poems- অসমীয়া প্ৰেমৰ কবিতা সত্যজিত কাকতি

Assamese Romantic Poetry-Assamese Love Poems- অসমীয়া প্ৰেমৰ কবিতা সত্যজিত কাকতি

তুমি কথা ক'লেই এটি কবিতাৰ জন্ম হয়
দুচকুত জিলিকি ৰয় এখন প্ৰমেৱ আকাশ,
তুমি হাঁহিলেই হৃদয়ে
সুবাসিত পচোৱা এজাকৰ দৰে উশাহ সলায়
বুকুত ফুলি ৰয় এনিশাৰ মাতাল জোনাক,

বাৰিষা অহাৰ বাটতে 
চিৰসেউজ হ'বলৈ দিয়া বুকুৰ সমস্ত ভালপোৱা
প্ৰণয়ৰ আবিৰ হৈ বিয়পি থকা মোৰ উকা কলিজাত
তুমি যে এতিয়া ফাগুনৰ ৰঙীণ পলাশ।

Assamese Romantic Poetry-Assamese Love Poems- অসমীয়া প্ৰেমৰ কবিতা সত্যজিত কাকতি
দুচকুত কাজল লগা মোৰ দুচকুলৈ নাচাবা
অনুভূতিৰে শিপাই থকা হৃদয়খন
বাৰে বাৰে আহত হয়,
ওঁঠদুটিৰ সিপাৰত কথাবোৰ সামৰি  মৌন হৈয়ো নৰ'বা
ক'বলগীয়া কথাবোৰ তলপৰি ৰয়।
তোমাৰ প্ৰতিজাক হাঁহিতে যদি দেখা পাওঁ
মোৰ জীৱনে বিচাৰি থকা বাটৰ ঠিকনা
তোমাৰ হিয়াতে লিপিৱদ্ধ কৰোঁ দিয়া
প্ৰাপ্তি অপ্ৰাপ্তিৰে ভগাই লোৱাৰ কথাৰে
এখন লিখিত প্ৰস্তাৱনা।

অতীতৰ কোনোবা গোপন গল্পই
আঁকি দিব যদি পাৰে
আমাৰ প্ৰেমত আয়ুসৰেখা,
মই বিস্মৃতিৰ এখন আকাশ দিওঁ
তুমি স্মৃতিবোৰ উভটি নহা ডাৱৰজাকক যাচি দিয়া।

Author bio image

About the Author

Hi there! I'm Satyajit and the founder of Niribili. You can contact me through the social media profile provided below for website design, graphics design, and social media promotion.

Read more ...