১০ টা অসমীয়া প্ৰেমৰ কবিতা - কবিঃ সত্যজিত কাকতি
ক'বলৈতো এখন সাগৰ আছে
নদীৰ দৰে নীৰৱধি এজন শ্ৰোতাহে লাগে,
দেখুৱাবলৈ তো এখন নীলা আকাশ আছে
জোনৰ দৰে নিৰিবিলি এযুৰি নয়ন হে লাগে,
যাচিবলৈ তো এখন হৃদয় আছে
সাগৰৰ দৰে এখন হৃদয়হে লাগে।
কবিতাৰ শিৰোনামঃ হৃদয় বাৰ্তা
কবিঃ সত্যজিত কাকতি
তুমি চাগে নাজানা
মোৰ উৰুঙা দুহাতত
এবুকু আন্তৰিক প্ৰতিশ্ৰুতি তুলি
ভালপাওঁ বুলি কোৱাৰ দিনাই
পূৰ্ণ হৈছিল প্ৰেমৰ প্ৰতিটো সংজ্ঞা
সাম্প্ৰতিক তমসাছন্ন হৃদয়ত
অবিষাদ উশাহবোৰে
জোনাকৰ চন্দ্ৰতাপ তৰিছে
গলি যোৱা যাতনাৰ বাটে বাটে শিপাইছে
তুমি নামৰ এটি প্ৰাণসূৰ্য
আৰু এমুঠি মৰমৰ বাসনা।
তোমাৰ মেঘালি চুলিখিনিৰ পৰা
দুচকুৱেদি দুগাললৈ বাগৰি অহা
বিছিন্ন অলকাকেইদালি যে
তোমাৰেই প্ৰতিজাক উশাহত আহত হয়,
তেতিয়াই আহত হয় মোৰ কলিজাৰ এফাল।
তোমাৰ অসম্পূৰ্ণ হাঁহিটোত যে
ওঁঠৰ ওপৰৰ ঘনিষ্ঠ তিলটো বেকা হৈ ৰয়
হৃদয়ৰ সকলো অনুভূতি আহত হয়
আহত হয় কলিজাৰ ইফাল।
তুমি কথা ক'লেই এটি কবিতাৰ জন্ম হয়
দুচকুত জিলিকি ৰয় এখন প্ৰমেৱ আকাশ,
তুমি হাঁহিলেই হৃদয়ে
সুবাসিত পচোৱা এজাকৰ দৰে উশাহ সলায়
বুকুত ফুলি ৰয় এনিশাৰ মাতাল জোনাক,
বাৰিষা অহাৰ বাটতে
চিৰসেউজ হ'বলৈ দিয়া বুকুৰ সমস্ত ভালপোৱা
প্ৰণয়ৰ আবিৰ হৈ বিয়পি থকা মোৰ উকা কলিজাত
তুমি যে এতিয়া ফাগুনৰ ৰঙীণ পলাশ।
দুচকুত কাজল লগা মোৰ দুচকুলৈ নাচাবা
অনুভূতিৰে শিপাই থকা হৃদয়খন
বাৰে বাৰে আহত হয়,
ওঁঠদুটিৰ সিপাৰত কথাবোৰ সামৰি মৌন হৈয়ো নৰ'বা
ক'বলগীয়া কথাবোৰ তলপৰি ৰয়।
তোমাৰ প্ৰতিজাক হাঁহিতে যদি দেখা পাওঁ
মোৰ জীৱনে বিচাৰি থকা বাটৰ ঠিকনা
তোমাৰ হিয়াতে লিপিৱদ্ধ কৰোঁ দিয়া
প্ৰাপ্তি অপ্ৰাপ্তিৰে ভগাই লোৱাৰ কথাৰে
এখন লিখিত প্ৰস্তাৱনা।
অতীতৰ কোনোবা গোপন গল্পই
আঁকি দিব যদি পাৰে
আমাৰ প্ৰেমত আয়ুসৰেখা,
মই বিস্মৃতিৰ এখন আকাশ দিওঁ
তুমি স্মৃতিবোৰ উভটি নহা ডাৱৰজাকক যাচি দিয়া।