Thursday, April 10, 2025

কেইটামান ফাগুনৰ কবিতা সংগ্ৰহ | Assamese Romantic Poem on ফাগুন by Satyajit Kakoti

কেইটামান ফাগুনৰ কবিতা সংগ্ৰহ | Assamese Romantic Poem on ফাগুন

ফাগুনৰ অসমীয়া কবিতা- প্ৰেমৰ কবিতা- Fagun Love Poem Assamese

ফাগুনৰ কবিতা ১

ফাগুনে কঢ়িয়াই অনা সহস্ৰ ৰঙীণ আদৰেও
শেষ কৰি থৈ যাব নোৱাৰে
কলিজাৰ বিৱৰ্ণ তাড়না,
সেইদৰে
সহানুভূতিৰ সেউজীয়া ছবি এখন আঁকি
বসন্তইও মোহাৰি পেলাব নোৱাৰে
দুচকুত উপঙি থকা ৰিক্ততা।

------ কবিঃ সত্যজিত কাকতি




ফাগুনৰ অসমীয়া কবিতা- প্ৰেমৰ কবিতা- Fagun Love Poem Assamese

হে ফাগুন 
বুকুৰ সহস্ৰ আবেগক
উজাৰি দিব পৰাকৈ
এইবাৰ ঐ আনিবা
আচুতীয়াকৈ এবুকু নিৰ্জনতা

এজাক শুভকামনাৰে
সুবাসিত কৰি থৈ যাবা
একাকীত্ত্বৰ প্ৰতিটো অসুখীয়া উশাহ




ফাগুনৰ অসমীয়া কবিতা- প্ৰেমৰ কবিতা- Fagun Love Poem Assamese
ফাগুনৰ কবিতা ২
শিৰোনামঃ ফাগুনৰ প্ৰেম

জনাবানে কোন বাটেদি গ’লে ফাগুনৰ দৰে
তোমাৰ হৃদয়ত কেৱল 
মইয়েই প্ৰৱেশ কৰিব পাৰিম?
কেনেকৈ কথা ক’লে
অথবা দেখিবলৈ কেনেকুৱা হ’লে
তোমাৰ ব্যস্ততা নতুবা নিসংগতাৰ প্ৰতিটো ক্ষণত
এজাক অবৈধ দুৰ্বলতা হৈ আউল লগাব পাৰিম


জনাবানে
কেতিয়া আৰু ক’ত লগ পালে কম
তোমাৰ সতে কটালো যি ফাগুন
সেইয়া মোৰ জীৱন।

------ কবিঃ সত্যজিত কাকতি


ফাগুনৰ অসমীয়া কবিতা- প্ৰেমৰ কবিতা- Fagun Love Poem Assamese

ফাগুনৰ উপহাৰ
এইবাৰৰ ফাগুন বহুত বেছি ব্যতিক্ৰম
শূন্যতাত ওলমি থকা নিতাল দুপৰীয়াবোৰৰ পৰিৱৰ্তে
অনুৰাগী পচোৱা এজাকৰ পৰশত
জীপাল হোৱা হৃদয়ৰ বাবে শ্ৰেষ্ঠতম উপহাৰ এটি দি গ’ল,

হে বসন্ত, হে শৰত, শে শাওণ
অভিনন্দন জনোৱা মোক
ফাগুনে 
ফাগুনে এইবাৰ মোক, তেওঁক দি গ’ল।






ফাগুনৰ অসমীয়া কবিতা- প্ৰেমৰ কবিতা- Fagun Love Poem Assamese

 #FagunorKobita #AssamesePoem #RomanticPoetry #AssameseRomance #ফাগুনৰ_কবিতা #ফাগুন #AssameseLiterature



🔒 Copyright Disclaimer:
This is an original collection of poems. Kindly do not copy, reproduce, or share any content without proper credit of the author or permission. Kindly respect the creator's effort and creativity.