Saturday, May 24, 2025

* দেউতা *



দেউতা— এটি কেৱল এটি শব্দ নহয়, এটি অনুভৱৰ ধ্বনি।

তেওঁৰ শান্ত মুখখনৰ আঁৰত লুকাই থাকে সহস্ৰ ত্যাগ আৰু পৰিশ্ৰমৰ কাকো ক’ব নোৱাৰা কাহিনী।

নিজৰ সুখ উৎসৰ্গা কৰি আমাৰ বাবে হাঁহিৰ বাট সাজি দিয়া একমাত্ৰ পুৰুষ দেউতা

দেউতা, তুমি মোৰ সাহস, তুমি মোৰ প্ৰেৰণাৰ আশ্ৰয়।

জীৱনৰ প্ৰতিটো সফলতাৰ আঁৰত তোমাৰ নিঃস্বাৰ্থ ত্যাগেই প্ৰধান৷

দেউতা — তুমি হৃদয়ৰ নিভৃততম কোণত গোপনে জীয়াই থকা জীৱনৰ সজীৱ ভালপোৱাৰ ৰূপ।



— নিৰিবিলি —